অগতানুতিক শিক্ষা কি? অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা !
- Get link
- X
- Other Apps
অগতানুগতিক শিক্ষাৰ গুৰুত্ব:
সৃজনশীলতা আৰু উদ্ভাৱনী শক্তি বঢ়োৱা: এই শিক্ষাই শিক্ষাৰ্থীসকলক সৃজনশীল আৰু উদ্ভাৱনী চিন্তাৰ বিকাশ ঘটাবলৈ উৎসাহিত কৰে, যাৰ দ্বাৰা তেওঁলোকে নতুন সমস্যাৰ সমাধান উলিয়াব পাৰে।
ব্যক্তিগত আগ্ৰহৰ বিকাশ: এই শিক্ষাই শিক্ষাৰ্থীসকলক নিজৰ আগ্ৰহ আৰু প্ৰাৰ্থমিকতাক অনুসৰি শিকাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ ফলত, তেওঁলোকে নিজৰ আগ্ৰহৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিব পাৰে।
বৈচিত্র্যময় পাঠ্যক্ৰম: অগতানুগতিক শিক্ষা এক বৈচিত্র্যময় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে, য'ত পৰম্পৰাগত বিষয়ৰ বাহিৰে নতুন বিষয়বস্তু, বিশেষকৈ ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়সমূহ অন্তৰ্ভুক্ত থাকে।
প্ৰকৃত জীৱনৰ বাবে প্ৰস্তুতি: এই শিক্ষাই শিক্ষাৰ্থীসকলক দৈনন্দিন জীৱনৰ সমস্যাবোৰ সলনি কৰাটো কেনেকৈ কৰিব, কিদৰে প্ৰতিটো সমস্যাৰ সমাধান উলিয়াব পাৰে এই সকলোবোৰ শিকায়।
শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু স্বাধীনতা বৃদ্ধি: অগতানুগতিক শিক্ষা শিক্ষাৰ্থীসকলক নিজৰ শিকাৰ পদ্ধতি বাছনি কৰাৰ স্বাধীনতা দিয়ে, যাৰ ফলত তেওঁলোকে আত্মবিশ্বাসী আৰু স্বতন্ত্ৰ ৰূপে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
- Get link
- X
- Other Apps
Comments
Post a Comment